The University Anthem
আমাৰ খোজে খোজে ফুলে ফুল
চেতনাতে হেঙুল-হাইতালৰে বোল
আমি যৌৱনদীপ্ত, জীৱনদীপ্ত, জ্ঞানসিক্ত 
এজাক সুৰুযৰ কলৰোল। 
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। 
 
মণি-কাঞ্চনৰ সুৰ অমিয়া লুইততে ৰৈ গ'ল
গুৰুবাণী শিৰে লৈয়া হৰিনামে বৈ ৰ'ল
 
“দ:ঞি পঃলঃ তাদলাং 
আলি আঃয়ে লৃগাঃদুং 
ঙানে-চা:নে অপৃনেম তুৰমলাং”
 
সূৰ্য্য শুনিবা, চন্দ্ৰ শুনিবা 
শইচৰ বীজ সিঁচিছো
জীৱ-কুল কুশলে ৰাখিবা
 
বৰগীত ঐনিতম হৈ
বন-বিহগীৰ মাজুলীক লৈ
আমি গাও
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
             কথা: ড° বিনোদ চন্দ্ৰ বড়া
             সুৰ: ড° নিৰোদ বৰুৱা